আন্দামানৰ এটি পৌৰাণিক কাহিনী (A mythical story of Andaman)
প্রাচীন কালত ফেটাজিড়' নামৰ এজন পুৰুষ আছিল। আন্দামানবাসীয়ে বিশ্বাস কৰে যে আন্দামান দ্বীপপুঞ্জত বাস কৰা প্ৰথমজন মানুহ আছিল ফেটাজিড়'। আন্দামানবাসীৰ ভাষাত ফেটাজিড়' শব্দটোৰ অৰ্থ হ'ল ‘বাঁহৰপৰা জন্ম লোৱা'। গতিকে, সাধাৰণভাৱে এই কথা বিশ্বাস কৰা হয় যে ফেটাজিড়’ৰ জন্ম হৈছিল বাঁহৰ ফোপোলা অংশটোৰপৰা। জীয়াই থাকিবলৈ লগা খাদ্যৰ সন্ধানত তেওঁ ইফালে-সিফালে ঘূৰি ফুৰিছিল আৰু অকলে জীৱন কটাইছিল। দিনটোৰ বেছিভাগ সময় তেওঁ কটাইছিল ধনু আৰু কাঁড় তৈয়াৰ কৰাত ব্যস্ত থাকি ।
এদিন, ফেটাজিড়’ই আটাইবোৰ দিশত যেনিয়ে পাৰে তেনিয়ে তেওঁৰ কাড়বোৰ নিক্ষেপ কৰিছিল। পিছদিনা পুৱা, তেওঁ ওলাইছিল এই নিক্ষেপ কৰা কাঁড়বোৰৰ সন্ধানত ।
কাঁড়বোৰ বিচাৰি ফুৰোতে, তেওঁ এডাল কাড় পাইছিলগৈ এটা জুৰিত আৰু জুৰিটোৰপৰা তেওঁ পানী খাইছিল। এইদৰেই তেওঁ আৱিষ্কাৰ কৰিছিল। পানীৰ উৎস।
বাকী কাঁড়বোৰ বিচাৰি বিচাৰি তেওঁ এডাল কাড় পাইছিলগৈ এজোপা আলু গছৰ শিপাত লুকাই থকা অৱস্থাত। এইদৰে আৱিষ্কাৰ কৰা আলু কেইটামান তেওঁ লগতে লৈ আহিছিল।
কাঁড়ৰ সন্ধান অব্যাহত ৰাখি তেওঁ এডাল কাড় পাইছিলগৈ এমুঠি ধূপৰ মাজত ৷ তাৰপৰা তেওঁ লৈ আহিছিল কেইডালমান ধূপকাঠি।
কাঁড় বিচাৰি ফ্ৰেটাজিড়’ আৰু আগবাঢ়ি গৈছিল। এইবাৰ তেওঁ পাইছিলগৈ খুব নিমজ ক'ৰ্ট বা কুমাৰ-মাটি। তাৰে অলপ মাটি তেওঁ লগত লৈ আহিছিল ।
মাটিখিনিৰে তেওঁ পাত্র সাজিছিল। পাত্ৰবোৰ তেওঁ শুকাবলৈ দিছিল। শুকোৱাৰ পাছত পাত্ৰবোৰ টান হৈ পৰিছিল। তাৰপাছত তেওঁ পাত্ৰটোত কিছু আলু দি জুইৰ ওপৰত সিজাইছিল। সিজোৱা আলুবোৰ খাই তেওঁ বৰ তৃপ্তি পাইছিল ৷
সিজোৱা আলু খাই থাকোতেই, তেওঁৰ মনলৈ আহিছিল এটা ধাৰণা। বাকী থকা মাটিখিনিৰপৰা এক মূৰ্ত্তি গঢ়িলে কেনেকুৱা হয় !
ভবা মতেই কাম আৰু কেইদিনমানৰ ভিতৰতে তেওঁ মাটিখিনিৰপৰা এটা মানুহৰ দৰে মূৰ্ত্তি সাজি উলিয়ালে।
ফেটাজিড়ই এই মূৰ্ত্তিটো ওখ এখন চাঙত ৰাখি সেইটো শুকাবলৈ তলত জুই ধৰি দিলে। তাৰপাছত, তেওঁ কাড় সজাৰ কামত লাগিল ।
ধনু-কাঁড় সাজি থকাৰ মাজতে তেওঁ পিৰিক পাৰাককৈ চাই থাকে চাঙত ৰখা মূৰ্ত্তিটো। মূৰ্ত্তিটো যাতে তললৈ খহি নপৰে তাক তেওঁ সুনিশ্চিত কৰিছিল। নিজৰ কাম লৈ তেওঁ খুব সন্তুষ্ট হৈছিল। মাজে-সময়ে তেওঁ উঠি গৈ জুইত আৰু বেছি খৰি ভৰাই দিয়েগৈ আৰু তাৰপাছত পুনৰ ধনু-কাঁড় সজাৰ কামত ধৰেগৈ। অলপ সময়ৰ পাছত তেওঁ পুনৰ পিছলৈ ঘূৰি চালে।
তেওঁৰ চকু কপালত উঠিল! মাটিৰ নাৰীমূৰ্ত্তিয়ে নিজৰ দিশ সলোৱাত চাঙখন কঁপি উঠিছে। ফেটাজিড়’ৰ উত্তেজনাৰ সীমা নাছিল। তেওঁ আকৌ এবাৰ থিয় হৈ জুইকুৰা বঢ়াই দিলে আৰু মূৰ্ত্তিটো শুকোৱাৰ কাম সম্পূৰ্ণ কৰিলে।
ধনুসজা কামত আমনি লগাত, তেওঁ চিকাৰৰ বাবে হাবিলৈ যাবলৈ ঠিক কৰিলে। ভালকৈ শুকাবৰ বাবে তেওঁ মূৰ্ত্তিটো চাঙৰ ওপৰতে এৰি থৈ গ'ল। চিকাৰ লগত লৈ তেওঁ ঘৰমুৱা হ'ল।
ঘৰৰ ওচৰ পাঁওতে, তেওঁ নাতিদূৰৰপৰা চাঙখনৰ ফালে চকু দিলে। চাঙখন দেখোন খালী! তেওঁ আচৰিত হ'ল আৰু এক গভীৰ হতাশাই তেওঁৰ মনটোক ছানি ধৰিলে।
চিকাৰটো মাটিলৈ নমাই, তেওঁ হুমুনিয়াহ কাঢ়িলে। “মূৰ্ত্তিটো বাৰু ক'লৈ যাব পাৰে?” এক অভাৱনীয় দুখত ভাগি পৰা ফেটাজিড়’ মাটিত বহি পৰিল । নাৰীৰ মূৰ্ত্তিটোনো ক’লৈ যাব পাৰে তাৰেই চিন্তাত তেওঁ নিমগ্ন হ'ল।
পিছে নাৰীমূৰ্ত্তি ক'ট আছিল ঘৰৰ ভিতৰতে, কেৱল ফেটাজিড় ইহে কথাটো মন কৰা নাছিল। ইফালে ক’টে ভিতৰৰপৰা ফেটাজিড়’ৰ অৱস্থা দেখি হাঁহি সামৰিব নোৱাৰিলে। হাঁহি হাঁহি তেওঁ ভাগৰি পৰিল। হাঁহিৰ শব্দ শুনি, ফেটাজিড়াই ঘূৰি চালে। তেওঁ দেখিলে ঘৰৰ ভিতৰত খিলখিলাই হাঁহি থকাগৰাকী আন কোনো নহয়, স্বয়ঙ ক'ট।
ফেটাজিড়’ তেওঁৰ ওচৰলৈ দৌৰি আহিল। ক'টকসাবটি ধৰি তেওঁ আনন্দৰ চকুপানী টুকিলে। তাৰপাছত, দুয়ো একেখন ঘৰতে স্বামী-স্ত্ৰীৰ দৰে থাকিবলৈ ল'লে। তেওঁলোকে কেইবাটাও সন্তান জন্ম দিলে। তেওঁলোকৰ সতি-সন্তানবোৰ নিজৰ মাজতে বিবাহপাশত আবদ্ধ হ’ল আৰু এইদৰেই চাওঁতে চাওঁতে তেওঁলোকৰ বংশটো বাঢ়ি গৈ থাকিল ৷
ফেটাজিড়’ই এবাৰ তেওঁৰ পত্নী কটক এডাল ৰছী তৈয়াৰ কৰিবলৈ ক’লে। হাবিলৈ গৈ তেওঁ এডাল ফাৰাক’বা লতা আনিলেগৈ আৰু এই লতাডাল ৰছী তৈয়াৰ কৰাৰ বাবে বৰ উপযোগী আছিল ।
ফেটাজিড়ই লতাডাল বাতি এডাল ৰছী তৈয়াৰ কৰিবলৈ পত্নীক পৰামৰ্শ দিলে। তেওঁৰ পৰামৰ্শ মানি পত্নীয়ে এডাল দীঘল ৰছী তৈয়াৰ কৰিলে। ৰছীডাল ইমানেই দীঘল হ'ল যে সেইডাল মেৰিয়াই এটা দ’মৰ দৰেহে ৰাখিবলগীয়া হ'ল।
ৰছীডালৰ মূৰত ফেটাজিড় ই এটা শিল বান্ধি দিলে। তেওঁ ৰছীডাল কেইবাবাৰো ঘূৰাই ঘূৰাই অৱশেষত আকাশলৈ মাৰি পঠিয়ালে। ৰছীডাল তেওঁ তললৈ টানি আনিব খোজোতে তেওঁৰ অনুভৱ হ'ল সেইডাল কৰ’বাত লাগি ধৰিছে আৰু তললৈ অহা নাই ।
ফেটাজিড়াই ৰছীডাল পকোৱাত লাগিল যাতে সেইডাল আৰু বেছি কঠিন হয়। ৰছীডাল ক্ৰমে ক্ৰমে মজবুত হৈ আহিল। তেওঁ ৰছীডাল টানিবলৈ চেষ্টা কৰিলে, কিন্তু কি আচৰিত, ৰছীডাল লৰচৰেই নহয়। তেওঁ বুজি পালে ৰছীডাল ক'ৰবাত লাগি ধৰিছে।
তেওঁ ক'টৰ ওচৰলৈ গ'ল। ফেটাজিড়ই ক’টক ক'লে, “মই ডাৱৰৰ ওপৰলৈ উঠি যোৱাৰ কথা ভাবিছো যাতে আমাৰ ওপৰত থকা ঠাইখিনি চাই আহিবগৈ পাৰো। ঠাইখননো কেনেকুৱা মই নিজ চকুৰে চাই আহোঁগৈ বুলি ভাবিছো। তালৈ মই কাইলৈকে যাত্ৰা আৰম্ভ কৰিম।”
পিছদিনা তেওঁ উঠি গ'ল ডাৱৰৰ ওপৰলৈ। ডাৱৰৰ ওপৰ পাই তাত তেওঁ নিজৰ দৰে আন বহুতো মানুহক দেখা পাই আচৰিত হ'ল ।
পৃথিৱীলৈ ঘূৰি আহি ফেটাজিড়'ই তেওঁৰ পত্নীক সকলো কথা ভাঙি-পাতি ক’লে। তেওঁ পত্নীক জনালে যে তেওঁলোকৰ ওপৰত সেই ঠাইখন সুন্দৰ আৰু তাতো আন্দামানত বাস কৰা লোকৰ দৰে বহুতো লোক আছে। তেওঁলোক দুয়োজন তালৈকে এবাৰ গ'লে বেয়া নহ'ব বুলি তেওঁ পত্নীক প্ৰস্তাৱ দিলে।
পিছে ক'টে এই প্ৰস্তাৱ ভাল নাপালে । তেওঁ ক’লে, “আমিনো আমাৰ ল'ৰা-ছোৱালীহঁতৰ ঠাইখন এৰি যাওঁ কেনেকৈ?” ফেটাজিড়ই ক'লে, “সিহঁতক নোকোৱা নেমেলাকৈ আমি যাম বুলিনো তুমি কেলেই ভাবিব লাগিছে?”
তেওঁ পৰিয়ালৰ সমূহ সদস্যক এটাইত গোট খাবলৈ ক'লে। ফেটাজিড় 'ই সকলোকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। তেওঁ ক’লে, “মোৰ মৰমৰ মইনাহঁত, অলপ সময় মনে মনে থাকি তোমালোকে মোৰ কথা শুনা। তোমালোকৰ মা আৰু দেউতাই কিবা এটা ক'ব খুজিছে। আমি এই পৃথিৱী এৰি যাবলৈ ঠিক কৰিছো । আমি ডাৱৰৰ ওপৰলৈ উঠি যাম। তোমালোকে ইয়াতে সুখে-সন্তোষে জীৱন কটোৱা। আমাৰ সময় শেষ হৈছে। আমি এতিয়া যাবলৈ ওলাইছো।”
এইবুলি কৈ, দুয়ো ৰছীয়েদি ডাৱৰৰ ওপৰলৈ উঠি গ'ল। একেবাৰে ওপৰ পাই তেওঁলোকে ওপৰৰপৰাই ৰছীডাল কাটি দিলে।
Telegram Job Alert Group link: Click Here
WhatsApp Job Alert Group link: Click Here
Employment: Mofidul Career
No comments:
Post a Comment